الترجمة الأسامية
ترجمة معاني القرآن الكريم للغة الاسامية ترجمها الشيخ رفيق الإسلام حبيب الرحمن عام الترجمة 1438هـ2- ﴿أَحَسِبَ النَّاسُ أَنْ يُتْرَكُوا أَنْ يَقُولُوا آمَنَّا وَهُمْ لَا يُفْتَنُونَ﴾
মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছো’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?
3- ﴿وَلَقَدْ فَتَنَّا الَّذِينَ مِنْ قَبْلِهِمْ ۖ فَلَيَعْلَمَنَّ اللَّهُ الَّذِينَ صَدَقُوا وَلَيَعْلَمَنَّ الْكَاذِبِينَ﴾
অৱশ্যে আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলো, আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।
4- ﴿أَمْ حَسِبَ الَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ أَنْ يَسْبِقُونَا ۚ سَاءَ مَا يَحْكُمُونَ﴾
অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰত গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!
5- ﴿مَنْ كَانَ يَرْجُو لِقَاءَ اللَّهِ فَإِنَّ أَجَلَ اللَّهِ لَآتٍ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ﴾
যিয়ে আল্লাহৰ সাক্ষাত কামনা কৰে তেওঁ জানি থোৱা উচিত যে, নিশ্চয় আল্লাহৰ নিৰ্ধাৰিত সময় আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
6- ﴿وَمَنْ جَاهَدَ فَإِنَّمَا يُجَاهِدُ لِنَفْسِهِ ۚ إِنَّ اللَّهَ لَغَنِيٌّ عَنِ الْعَالَمِينَ﴾
আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।
7- ﴿وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّئَاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ الَّذِي كَانُوا يَعْمَلُونَ﴾
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহ মচি দিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, অৱশ্যে আমি তাৰ প্ৰতিদান দিম।
8- ﴿وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حُسْنًا ۖ وَإِنْ جَاهَدَاكَ لِتُشْرِكَ بِي مَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا ۚ إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ﴾
আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছো। কিন্তু সিহঁতে যদি তোমাৰ ওপৰত বল প্ৰয়োগ কৰে মোৰ লগত শ্বিৰ্ক কৰিবলৈ যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
9- ﴿وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُدْخِلَنَّهُمْ فِي الصَّالِحِينَ﴾
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, অৱশ্যে আমি তেওঁলোকক সৎকৰ্মপৰায়ণ সকলৰ অন্তৰ্ভুক্ত কৰিম।
10- ﴿وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ فَإِذَا أُوذِيَ فِي اللَّهِ جَعَلَ فِتْنَةَ النَّاسِ كَعَذَابِ اللَّهِ وَلَئِنْ جَاءَ نَصْرٌ مِنْ رَبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ ۚ أَوَلَيْسَ اللَّهُ بِأَعْلَمَ بِمَا فِي صُدُورِ الْعَالَمِينَ﴾
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছো’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিগৃহিত কৰা হয়, তেতিয়া সিহঁতে মানুহৰ শাস্তিক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। আৰু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলো’, (তেন্তে কোৱাচোন) সৃষ্টিজগতৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?
11- ﴿وَلَيَعْلَمَنَّ اللَّهُ الَّذِينَ آمَنُوا وَلَيَعْلَمَنَّ الْمُنَافِقِينَ﴾
আৰু আল্লাহে অৱশ্যে প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।
12- ﴿وَقَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا اتَّبِعُوا سَبِيلَنَا وَلْنَحْمِلْ خَطَايَاكُمْ وَمَا هُمْ بِحَامِلِينَ مِنْ خَطَايَاهُمْ مِنْ شَيْءٍ ۖ إِنَّهُمْ لَكَاذِبُونَ﴾
আৰু কাফিৰসকলে মুমিনসকলক কয়, ‘তোমালোকে আমাৰ পথ অনুসৰণ কৰা তেনেহ’লে আমি তোমালোকৰ পাপৰ বোজা বহন কৰিম’। অথচ সিহঁতে সিহঁতৰ পাপৰ কোনো বোজা বহন নকৰিব। নিশ্চয় সিহঁত মিছলীয়া।
13- ﴿وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَعَ أَثْقَالِهِمْ ۖ وَلَيُسْأَلُنَّ يَوْمَ الْقِيَامَةِ عَمَّا كَانُوا يَفْتَرُونَ﴾
আৰু অৱশ্যে সিহঁতে বহন কৰিব নিজৰ বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক অৱশ্যে কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
14- ﴿وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًا فَأَخَذَهُمُ الطُّوفَانُ وَهُمْ ظَالِمُونَ﴾
আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিলে, কাৰণ সিহঁত আছিল যালিম।
15- ﴿فَأَنْجَيْنَاهُ وَأَصْحَابَ السَّفِينَةِ وَجَعَلْنَاهَا آيَةً لِلْعَالَمِينَ﴾
তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহনকাৰী সকলক ৰক্ষা কৰিলো আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিলো।
16- ﴿وَإِبْرَاهِيمَ إِذْ قَالَ لِقَوْمِهِ اعْبُدُوا اللَّهَ وَاتَّقُوهُ ۖ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ﴾
আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!
17- ﴿إِنَّمَا تَعْبُدُونَ مِنْ دُونِ اللَّهِ أَوْثَانًا وَتَخْلُقُونَ إِفْكًا ۚ إِنَّ الَّذِينَ تَعْبُدُونَ مِنْ دُونِ اللَّهِ لَا يَمْلِكُونَ لَكُمْ رِزْقًا فَابْتَغُوا عِنْدَ اللَّهِ الرِّزْقَ وَاعْبُدُوهُ وَاشْكُرُوا لَهُ ۖ إِلَيْهِ تُرْجَعُونَ﴾
তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁতে কেতিয়াও তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
18- ﴿وَإِنْ تُكَذِّبُوا فَقَدْ كَذَّبَ أُمَمٌ مِنْ قَبْلِكُمْ ۖ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ﴾
আৰু যদি তোমালোকে অস্বীকাৰ কৰা তেন্তে তোমালোকৰ পূৰ্বৱৰ্তী সকলেও অস্বীকাৰ কৰিছিল। আৰু সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱেই কেৱল ৰাছুলৰ গুৰু দায়িত্ব।
19- ﴿أَوَلَمْ يَرَوْا كَيْفَ يُبْدِئُ اللَّهُ الْخَلْقَ ثُمَّ يُعِيدُهُ ۚ إِنَّ ذَٰلِكَ عَلَى اللَّهِ يَسِيرٌ﴾
সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।
20- ﴿قُلْ سِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ بَدَأَ الْخَلْقَ ۚ ثُمَّ اللَّهُ يُنْشِئُ النَّشْأَةَ الْآخِرَةَ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ﴾
কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই সৃষ্টি কৰিব পৰৱৰ্তী সৃষ্টি’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।
21- ﴿يُعَذِّبُ مَنْ يَشَاءُ وَيَرْحَمُ مَنْ يَشَاءُ ۖ وَإِلَيْهِ تُقْلَبُونَ﴾
তেওঁ যাক ইচ্ছা শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা অনুগ্ৰহ কৰে। আৰু তোমালোকক তেওঁৰ ওচৰতেই উভতাই নিয়া হ’ব।
22- ﴿وَمَا أَنْتُمْ بِمُعْجِزِينَ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ ۖ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ﴾
তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত কতো ব্যৰ্থ কৰিব নোৱাৰিবা। আৰু আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।
23- ﴿وَالَّذِينَ كَفَرُوا بِآيَاتِ اللَّهِ وَلِقَائِهِ أُولَٰئِكَ يَئِسُوا مِنْ رَحْمَتِي وَأُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ﴾
আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হৈছে, আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
24- ﴿فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا اقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنْجَاهُ اللَّهُ مِنَ النَّارِ ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يُؤْمِنُونَ﴾
উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
25- ﴿وَقَالَ إِنَّمَا اتَّخَذْتُمْ مِنْ دُونِ اللَّهِ أَوْثَانًا مَوَدَّةَ بَيْنِكُمْ فِي الْحَيَاةِ الدُّنْيَا ۖ ثُمَّ يَوْمَ الْقِيَامَةِ يَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَيَلْعَنُ بَعْضُكُمْ بَعْضًا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ﴾
ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখুন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।
26- ﴿۞ فَآمَنَ لَهُ لُوطٌ ۘ وَقَالَ إِنِّي مُهَاجِرٌ إِلَىٰ رَبِّي ۖ إِنَّهُ هُوَ الْعَزِيزُ الْحَكِيمُ﴾
তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। আৰু ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিছো। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
27- ﴿وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ وَجَعَلْنَا فِي ذُرِّيَّتِهِ النُّبُوَّةَ وَالْكِتَابَ وَآتَيْنَاهُ أَجْرَهُ فِي الدُّنْيَا ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ﴾
আৰু আমি ইব্ৰাহীমক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলো নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলো আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণ সকলৰ অন্যতম হ’ব।
28- ﴿وَلُوطًا إِذْ قَالَ لِقَوْمِهِ إِنَّكُمْ لَتَأْتُونَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ أَحَدٍ مِنَ الْعَالَمِينَ﴾
আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰিছা যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
29- ﴿أَئِنَّكُمْ لَتَأْتُونَ الرِّجَالَ وَتَقْطَعُونَ السَّبِيلَ وَتَأْتُونَ فِي نَادِيكُمُ الْمُنْكَرَ ۖ فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا ائْتِنَا بِعَذَابِ اللَّهِ إِنْ كُنْتَ مِنَ الصَّادِقِينَ﴾
‘তোমালোকেই পুৰুষৰ ওচৰত গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।
30- ﴿قَالَ رَبِّ انْصُرْنِي عَلَى الْقَوْمِ الْمُفْسِدِينَ﴾
তেওঁ ক’লে, ‘হে মোৰ ৰব! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।
31- ﴿وَلَمَّا جَاءَتْ رُسُلُنَا إِبْرَاهِيمَ بِالْبُشْرَىٰ قَالُوا إِنَّا مُهْلِكُو أَهْلِ هَٰذِهِ الْقَرْيَةِ ۖ إِنَّ أَهْلَهَا كَانُوا ظَالِمِينَ﴾
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰত আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।
32- ﴿قَالَ إِنَّ فِيهَا لُوطًا ۚ قَالُوا نَحْنُ أَعْلَمُ بِمَنْ فِيهَا ۖ لَنُنَجِّيَنَّهُ وَأَهْلَهُ إِلَّا امْرَأَتَهُ كَانَتْ مِنَ الْغَابِرِينَ﴾
ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদত দেখুন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেয়া আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
33- ﴿وَلَمَّا أَنْ جَاءَتْ رُسُلُنَا لُوطًا سِيءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَقَالُوا لَا تَخَفْ وَلَا تَحْزَنْ ۖ إِنَّا مُنَجُّوكَ وَأَهْلَكَ إِلَّا امْرَأَتَكَ كَانَتْ مِنَ الْغَابِرِينَ﴾
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰত আহিল, তেতিয়া তেওঁলোকৰ বাবে তেওঁ বিষণ্ণ হৈ পৰিল আৰু নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত;
34- ﴿إِنَّا مُنْزِلُونَ عَلَىٰ أَهْلِ هَٰذِهِ الْقَرْيَةِ رِجْزًا مِنَ السَّمَاءِ بِمَا كَانُوا يَفْسُقُونَ﴾
‘নিশ্চয় আমি এই জনপদবাসী বিলাকৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত আছিল’।
35- ﴿وَلَقَدْ تَرَكْنَا مِنْهَا آيَةً بَيِّنَةً لِقَوْمٍ يَعْقِلُونَ﴾
আৰু অৱশ্যে আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছো।
36- ﴿وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا فَقَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ وَارْجُوا الْيَوْمَ الْآخِرَ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ﴾
আৰু মাদিয়ানবাসীৰ ওচৰত প্ৰেৰণ কৰিছিলো সিহঁতৰ ভাতৃ ছুৱাইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
37- ﴿فَكَذَّبُوهُ فَأَخَذَتْهُمُ الرَّجْفَةُ فَأَصْبَحُوا فِي دَارِهِمْ جَاثِمِينَ﴾
তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰত নতজানু অৱস্থাত শেষ হৈ গ’ল।
38- ﴿وَعَادًا وَثَمُودَ وَقَدْ تَبَيَّنَ لَكُمْ مِنْ مَسَاكِنِهِمْ ۖ وَزَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ فَصَدَّهُمْ عَنِ السَّبِيلِ وَكَانُوا مُسْتَبْصِرِينَ﴾
আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলো, সিহঁতৰ ঘৰ-দুৱাৰ কিছুমান তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।
39- ﴿وَقَارُونَ وَفِرْعَوْنَ وَهَامَانَ ۖ وَلَقَدْ جَاءَهُمْ مُوسَىٰ بِالْبَيِّنَاتِ فَاسْتَكْبَرُوا فِي الْأَرْضِ وَمَا كَانُوا سَابِقِينَ﴾
আৰু আমি ধ্বংস কৰিছিলো ক্বাৰূন, ফিৰআউন আৰু হামানক। অৱশ্যে মুছা সিহঁতৰ ওচৰত সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাই।
40- ﴿فَكُلًّا أَخَذْنَا بِذَنْبِهِ ۖ فَمِنْهُمْ مَنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًا وَمِنْهُمْ مَنْ أَخَذَتْهُ الصَّيْحَةُ وَمِنْهُمْ مَنْ خَسَفْنَا بِهِ الْأَرْضَ وَمِنْهُمْ مَنْ أَغْرَقْنَا ۚ وَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ﴾
এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক ধৰিছিলো। সিহঁতৰ কিছুমানৰ ওপৰত আমি পঠাইছিলো শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞঁৰে, আৰু কিছুমানক পুতি পেলাইছিলো ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলো। আৰু আল্লাহ এনে নহয় যে, তেওঁ সিহঁতৰ প্ৰতি যুলুম কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
41- ﴿مَثَلُ الَّذِينَ اتَّخَذُوا مِنْ دُونِ اللَّهِ أَوْلِيَاءَ كَمَثَلِ الْعَنْكَبُوتِ اتَّخَذَتْ بَيْتًا ۖ وَإِنَّ أَوْهَنَ الْبُيُوتِ لَبَيْتُ الْعَنْكَبُوتِ ۖ لَوْ كَانُوا يَعْلَمُونَ﴾
যিসকলে আল্লাহৰ বাহিৰে বহু অভিভাৱক গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, যদি সিহঁতে জানিলেহেঁতেন।
42- ﴿إِنَّ اللَّهَ يَعْلَمُ مَا يَدْعُونَ مِنْ دُونِهِ مِنْ شَيْءٍ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ﴾
নিশ্চয় সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, আল্লাহে সেয়া জানে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
43- ﴿وَتِلْكَ الْأَمْثَالُ نَضْرِبُهَا لِلنَّاسِ ۖ وَمَا يَعْقِلُهَا إِلَّا الْعَالِمُونَ﴾
আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেই সেয়া বুজি পায়।
44- ﴿خَلَقَ اللَّهُ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۚ إِنَّ فِي ذَٰلِكَ لَآيَةً لِلْمُؤْمِنِينَ﴾
আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।
45- ﴿اتْلُ مَا أُوحِيَ إِلَيْكَ مِنَ الْكِتَابِ وَأَقِمِ الصَّلَاةَ ۖ إِنَّ الصَّلَاةَ تَنْهَىٰ عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ ۗ وَلَذِكْرُ اللَّهِ أَكْبَرُ ۗ وَاللَّهُ يَعْلَمُ مَا تَصْنَعُونَ﴾
তোমাৰ প্ৰতি যি কিতাব অহী কৰা হয়, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আৰু আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
46- ﴿۞ وَلَا تُجَادِلُوا أَهْلَ الْكِتَابِ إِلَّا بِالَّتِي هِيَ أَحْسَنُ إِلَّا الَّذِينَ ظَلَمُوا مِنْهُمْ ۖ وَقُولُوا آمَنَّا بِالَّذِي أُنْزِلَ إِلَيْنَا وَأُنْزِلَ إِلَيْكُمْ وَإِلَٰهُنَا وَإِلَٰهُكُمْ وَاحِدٌ وَنَحْنُ لَهُ مُسْلِمُونَ﴾
আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজত যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছো। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।
47- ﴿وَكَذَٰلِكَ أَنْزَلْنَا إِلَيْكَ الْكِتَابَ ۚ فَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يُؤْمِنُونَ بِهِ ۖ وَمِنْ هَٰؤُلَاءِ مَنْ يُؤْمِنُ بِهِ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الْكَافِرُونَ﴾
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলো তেওঁলোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
48- ﴿وَمَا كُنْتَ تَتْلُو مِنْ قَبْلِهِ مِنْ كِتَابٍ وَلَا تَخُطُّهُ بِيَمِينِكَ ۖ إِذًا لَارْتَابَ الْمُبْطِلُونَ﴾
আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।
49- ﴿بَلْ هُوَ آيَاتٌ بَيِّنَاتٌ فِي صُدُورِ الَّذِينَ أُوتُوا الْعِلْمَ ۚ وَمَا يَجْحَدُ بِآيَاتِنَا إِلَّا الظَّالِمُونَ﴾
বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইটো স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰে।
50- ﴿وَقَالُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَاتٌ مِنْ رَبِّهِ ۖ قُلْ إِنَّمَا الْآيَاتُ عِنْدَ اللَّهِ وَإِنَّمَا أَنَا نَذِيرٌ مُبِينٌ﴾
সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ ওচৰত। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।
51- ﴿أَوَلَمْ يَكْفِهِمْ أَنَّا أَنْزَلْنَا عَلَيْكَ الْكِتَابَ يُتْلَىٰ عَلَيْهِمْ ۚ إِنَّ فِي ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ﴾
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যিটো সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
52- ﴿قُلْ كَفَىٰ بِاللَّهِ بَيْنِي وَبَيْنَكُمْ شَهِيدًا ۖ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ وَالَّذِينَ آمَنُوا بِالْبَاطِلِ وَكَفَرُوا بِاللَّهِ أُولَٰئِكَ هُمُ الْخَاسِرُونَ﴾
কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই ক্ষতিগ্ৰস্ত’।
53- ﴿وَيَسْتَعْجِلُونَكَ بِالْعَذَابِ ۚ وَلَوْلَا أَجَلٌ مُسَمًّى لَجَاءَهُمُ الْعَذَابُ وَلَيَأْتِيَنَّهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ﴾
আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলেহেঁতেন তেন্তে অৱশ্যে শাস্তি সিহঁতৰ ওপৰত আহি পৰিলেহেঁতেন। আৰু নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, অথচ সিহতে উপলব্ধিও কৰিব নোৱাৰিব।
54- ﴿يَسْتَعْجِلُونَكَ بِالْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ﴾
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। নিশ্চয় জাহান্নাম কাফিৰসকলক পৰিবেষ্টন কৰিব।
55- ﴿يَوْمَ يَغْشَاهُمُ الْعَذَابُ مِنْ فَوْقِهِمْ وَمِنْ تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا مَا كُنْتُمْ تَعْمَلُونَ﴾
সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ ফলত তোমালোকে স্বাদ লোৱা’।
56- ﴿يَا عِبَادِيَ الَّذِينَ آمَنُوا إِنَّ أَرْضِي وَاسِعَةٌ فَإِيَّايَ فَاعْبُدُونِ﴾
হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱী প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
57- ﴿كُلُّ نَفْسٍ ذَائِقَةُ الْمَوْتِ ۖ ثُمَّ إِلَيْنَا تُرْجَعُونَ﴾
প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোক আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ’বা।
58- ﴿وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُبَوِّئَنَّهُمْ مِنَ الْجَنَّةِ غُرَفًا تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ نِعْمَ أَجْرُ الْعَامِلِينَ﴾
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে অৱশ্যে আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰী সকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!
59- ﴿الَّذِينَ صَبَرُوا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ﴾
যিসকলে ধৈৰ্য ধাৰণ কৰে আৰু নিজ প্ৰতিপালকৰ ওপৰত তাৱাক্কুল কৰে।
60- ﴿وَكَأَيِّنْ مِنْ دَابَّةٍ لَا تَحْمِلُ رِزْقَهَا اللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ﴾
এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় নকৰে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
61- ﴿وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ﴾
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ উভতাই নিয়া হৈছে!
62- ﴿اللَّهُ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ مِنْ عِبَادِهِ وَيَقْدِرُ لَهُ ۚ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ﴾
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত যাৰ বাবে ইচ্ছা তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাৰ বাবে ইচ্ছা সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
63- ﴿وَلَئِنْ سَأَلْتَهُمْ مَنْ نَزَّلَ مِنَ السَّمَاءِ مَاءً فَأَحْيَا بِهِ الْأَرْضَ مِنْ بَعْدِ مَوْتِهَا لَيَقُولُنَّ اللَّهُ ۚ قُلِ الْحَمْدُ لِلَّهِ ۚ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ﴾
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।
64- ﴿وَمَا هَٰذِهِ الْحَيَاةُ الدُّنْيَا إِلَّا لَهْوٌ وَلَعِبٌ ۚ وَإِنَّ الدَّارَ الْآخِرَةَ لَهِيَ الْحَيَوَانُ ۚ لَوْ كَانُوا يَعْلَمُونَ﴾
এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!
65- ﴿فَإِذَا رَكِبُوا فِي الْفُلْكِ دَعَوُا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ فَلَمَّا نَجَّاهُمْ إِلَى الْبَرِّ إِذَا هُمْ يُشْرِكُونَ﴾
কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে আনুগত্যত বিশুদ্ধ হৈ একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক স্থলত আনি উদ্ধাৰ কৰে, তেতিয়া সিহঁত শ্বিৰ্কত লিপ্ত হয়;
66- ﴿لِيَكْفُرُوا بِمَا آتَيْنَاهُمْ وَلِيَتَمَتَّعُوا ۖ فَسَوْفَ يَعْلَمُونَ﴾
এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছো, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে অতিশীঘ্ৰে সিহঁতে জানিবলৈ পাব।
67- ﴿أَوَلَمْ يَرَوْا أَنَّا جَعَلْنَا حَرَمًا آمِنًا وَيُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ ۚ أَفَبِالْبَاطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ اللَّهِ يَكْفُرُونَ﴾
সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি হাৰামক নিৰাপদ কৰিছো, অথচ ইয়াৰ চাৰিওফালে যিবোৰ মানুহ আছে সিহঁতৰ ওপৰত আক্ৰমণ কৰা হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?
68- ﴿وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِالْحَقِّ لَمَّا جَاءَهُ ۚ أَلَيْسَ فِي جَهَنَّمَ مَثْوًى لِلْكَافِرِينَ﴾
আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?
69- ﴿وَالَّذِينَ جَاهَدُوا فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ اللَّهَ لَمَعَ الْمُحْسِنِينَ﴾
আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।
الترجمات والتفاسير لهذه السورة:
- العنكبوت : الترجمة الأمهرية አማርኛ - الأمهرية
- العنكبوت : اللغة العربية - معاني الكلمات العربية - العربية
- العنكبوت : اللغة العربية - التفسير الميسر العربية - العربية
- العنكبوت : اللغة العربية - المختصر في تفسير القرآن الكريم العربية - العربية
- العنكبوت : الترجمة الأسامية অসমীয়া - الأسامية
- العنكبوت : الترجمة الأذرية Azərbaycanca / آذربايجان - الأذرية
- العنكبوت : الترجمة البنغالية বাংলা - البنغالية
- العنكبوت : الترجمة البوسنية للمختصر في تفسير القرآن الكريم Bosanski - البوسنية
- العنكبوت : الترجمة البوسنية - كوركت Bosanski - البوسنية
- العنكبوت : الترجمة البوسنية - ميهانوفيتش Bosanski - البوسنية
- العنكبوت : الترجمة الألمانية - أبو رضا Deutsch - الألمانية
- العنكبوت : الترجمة الألمانية - بوبنهايم Deutsch - الألمانية
- العنكبوت : الترجمة الإنجليزية - صحيح انترناشونال English - الإنجليزية
- العنكبوت : الترجمة الإنجليزية - هلالي-خان English - الإنجليزية
- العنكبوت : الترجمة الإسبانية - المنتدى الإسلامي Español - الإسبانية
- العنكبوت : الترجمة الإسبانية (أمريكا اللاتينية) - المنتدى الإسلامي Español - الإسبانية
- العنكبوت : الترجمة الإسبانية Español - الإسبانية
- العنكبوت : الترجمة الفارسية للمختصر في تفسير القرآن الكريم فارسی - الفارسية
- العنكبوت : الترجمة الفارسية - حسين تاجي فارسی - الفارسية
- العنكبوت : الترجمة الفارسية - دار الإسلام فارسی - الفارسية
- العنكبوت : الترجمة الفرنسية - المنتدى الإسلامي Français - الفرنسية
- العنكبوت : الترجمة الفرنسية للمختصر في تفسير القرآن الكريم Français - الفرنسية
- العنكبوت : الترجمة الغوجراتية ગુજરાતી - الغوجراتية
- العنكبوت : الترجمة الهوساوية هَوُسَ - الهوساوية
- العنكبوت : الترجمة الهندية हिन्दी - الهندية
- العنكبوت : الترجمة الإندونيسية - وزارة الشؤون الإسلامية Bahasa Indonesia - الأندونيسية
- العنكبوت : الترجمة الإندونيسية للمختصر في تفسير القرآن الكريم Bahasa Indonesia - الأندونيسية
- العنكبوت : الترجمة الإندونيسية - المجمع Bahasa Indonesia - الأندونيسية
- العنكبوت : الترجمة الإندونيسية - شركة سابق Bahasa Indonesia - الأندونيسية
- العنكبوت : الترجمة الإيطالية للمختصر في تفسير القرآن الكريم Italiano - الإيطالية
- العنكبوت : الترجمة الإيطالية Italiano - الإيطالية
- العنكبوت : الترجمة اليابانية 日本語 - اليابانية
- العنكبوت : الترجمة الكازاخية - مجمع الملك فهد Қазақша - الكازاخية
- العنكبوت : الترجمة الكازاخية - جمعية خليفة ألطاي Қазақша - الكازاخية
- العنكبوت : الترجمة الخميرية ភាសាខ្មែរ - الخميرية
- العنكبوت : الترجمة الكورية 한국어 - الكورية
- العنكبوت : الترجمة الكردية Kurdî / كوردی - الكردية
- العنكبوت : الترجمة المليبارية മലയാളം - المليبارية
- العنكبوت : الترجمة الماراتية मराठी - الماراتية
- العنكبوت : الترجمة النيبالية नेपाली - النيبالية
- العنكبوت : الترجمة الأورومية Oromoo - الأورومية
- العنكبوت : الترجمة البشتوية پښتو - البشتوية
- العنكبوت : الترجمة البرتغالية Português - البرتغالية
- العنكبوت : الترجمة السنهالية සිංහල - السنهالية
- العنكبوت : الترجمة الصومالية Soomaaliga - الصومالية
- العنكبوت : الترجمة الألبانية Shqip - الألبانية
- العنكبوت : الترجمة التاميلية தமிழ் - التاميلية
- العنكبوت : الترجمة التلجوية తెలుగు - التلجوية
- العنكبوت : الترجمة الطاجيكية - عارفي Тоҷикӣ - الطاجيكية
- العنكبوت : الترجمة الطاجيكية Тоҷикӣ - الطاجيكية
- العنكبوت : الترجمة التايلاندية ไทย / Phasa Thai - التايلاندية
- العنكبوت : الترجمة الفلبينية (تجالوج) للمختصر في تفسير القرآن الكريم Tagalog - الفلبينية (تجالوج)
- العنكبوت : الترجمة الفلبينية (تجالوج) Tagalog - الفلبينية (تجالوج)
- العنكبوت : الترجمة التركية - مجمع الملك فهد Türkçe - التركية
- العنكبوت : الترجمة التركية - شعبان بريتش Türkçe - التركية
- العنكبوت : الترجمة التركية - مركز رواد الترجمة Türkçe - التركية
- العنكبوت : الترجمة التركية للمختصر في تفسير القرآن الكريم Türkçe - التركية
- العنكبوت : الترجمة الأويغورية Uyƣurqə / ئۇيغۇرچە - الأويغورية
- العنكبوت : الترجمة الأوكرانية Українська - الأوكرانية
- العنكبوت : الترجمة الأردية اردو - الأردية
- العنكبوت : الترجمة الأوزبكية - علاء الدين منصور Ўзбек - الأوزبكية
- العنكبوت : الترجمة الأوزبكية - محمد صادق Ўзбек - الأوزبكية
- العنكبوت : الترجمة الفيتنامية Vèneto - الفيتنامية
- العنكبوت : الترجمة الفيتنامية للمختصر في تفسير القرآن الكريم Vèneto - الفيتنامية
- العنكبوت : الترجمة اليورباوية Yorùbá - اليوروبا
- العنكبوت : الترجمة الصينية 中文 - الصينية